বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ উপ-সভাপতি কমলাকান্ত মুছাহাৰীৰ দেহাৱসান। ২৬ ছেপ্টেম্বৰ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মুছাহাৰীক। সোমবাৰে নিশা ২:২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে মুছাহাৰীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ।
কমলাকান্ত মুছাহাৰী প্ৰায় ৯ বছৰ ধৰি বডো সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল । মৃত্যুৰ আগমুহূৰ্তলৈকে কেন্দ্ৰীয় বডো সাহিত্য সভাৰ উপ সভাপতিৰ দায়িত্বত আছিল।
বড়ো ভাষাৰ এগৰাকী বিশিষ্ট সাহিত্যিক আছিল মুছাহাৰী। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। ঘৰৰ চিৰিৰ পৰা বাগৰি পৰি আঘাতপ্ৰাপ্ত হোৱাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মুছাহাৰীক।
কমলাকান্ত মুছাহাৰীৰ মৃত্যুত অলেখ গুণমুগ্ধই গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে তেওঁৰ মৃত্যুত।