১৭ ফেব্ৰুৱাৰীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী ৰূপে শপত ল’ব তাৰিক ৰহমানে।
৩৫ বছৰৰ পাছত বাংলাদেশত পুৰুষ প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব তাৰিক ৰহমানে।
তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰী মোদীক।
শপতগ্ৰহণ অনুষ্ঠানলৈ মোদীক আমন্ত্ৰণ ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে তাৰিক ৰহমানৰ এক ইতিবাচক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
সূত্ৰ অনুসৰি, শপত গ্ৰহণ অনুষ্ঠানলৈ ১৩খন দেশৰ চৰকাৰী মুৰব্বীক আমন্ত্ৰণ জনাইছে।