Share and Enjoy !

Shares

বিজেপিৰ মহিলা মৰ্চাৰ দেশজুৰি তীব্ৰ প্ৰতিবাদ৷ বৃহস্পতিবাৰে মহিলাৰ বাবে সংসদ বিধানভাত ৩৩ শতাংশ সংৰক্ষণ বিল বিৰোধীতা কৰা কংগ্ৰেছসহ বিৰোধী দলৰ প্ৰতি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ মহিলা মৰ্চাই।।

আজি গুৱাহাটীট ৰাজ্যিক বিজেপিৰ উদ্যোগত বিৰোধীৰ মহিলা বিৰোধী নীতি আৰু স্থিতিৰ বিৰুদ্ধে এক সমদল উলিওৱা৷ সমদলৰ পূৰ্বে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় এক প্ৰতিবাদ সভা৷ সভাত অংশ লয় বৰ্ষীয়ান ৰাজনীতিক তথা বিজয়া চক্ৰৱৰ্তী, মন্ত্ৰী অজন্তা নেওগ,সাংসদ বিজুলী কলিতা মেধি,প্রাক্তন সাংসদ কুইন ওজাই৷

ইয়াৰ পিছতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা গণেশ মন্দিৰলৈ বাহিৰ কৰা হয় এই বিশাল সমদল৷ সমদলত বিজেপিৰ মহিলা মৰ্চাৰ কৰ্মকতাৰ উপৰিও অসমীয়া চলচ্চিত্ৰ আৰু সংগীত জগতৰ বহু কেই গৰাকী প্ৰবীন শিল্পী- অভিনেতা- অভিনেত্ৰীয়েও অংশ লয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *