Share and Enjoy !

Shares

অসমৰ সাংস্কৃতিক চহৰ তেজপুৰৰ পৰা মিছ গ্ৰেণ্ড ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় মঞ্চলৈ মৃগাশ্রী বৰুৱাৰ যাত্ৰা৷ তেখেতৰ এই যাত্ৰা ৰ মূল কেন্দ্ৰ বিন্দু হ’ল বুদ্ধিদীপ্ততা, শিল্পকলা আৰু সামাজিক দায়বদ্ধতাৰ এক অনন্য মিশ্ৰণ। সুদৃঢ় শৈক্ষিক ভেটি আৰু এক গভীৰ উদ্দেশ্যবোধেৰে পৰিচালিত মৃগাংশ্ৰীয়ে পৰম্পৰা আৰু উচ্চাকাংক্ষাৰ মাজত সমতা ৰক্ষা কৰা নতুন প্ৰজন্মৰ যুৱতীসকলক প্ৰতিনিধিত্ব কৰিছে৷

মৃগাংশ্ৰীয়ে তেওঁৰ শৈক্ষিক যাত্ৰা তেজপুৰৰ চেইণ্ট যোচেফ কনভেণ্ট হায়াৰ চেকেণ্ডাৰী স্কুলৰ পৰা আৰম্ভ কৰি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ত ৯০% লাভ কৰি ৯৪% শতাংশ ৰে হায়াৰ চেকেণ্ডাৰী শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ অসমৰ অন্যতম মৰ্যাদাপূৰ্ণ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত গুৱাহাটীৰ এন.ই.এফ. ল’ কলেজত আইনৰ শিক্ষা গ্ৰহণ কৰে। তেওঁৰ শৈক্ষিক পথে কেৱল জ্ঞানৰ অন্বেষণেই নহয়, বৰঞ্চ সমাজ, শাসন ব্যৱস্থা আৰু ন্যায়ৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে৷

শিক্ষাৰ সমান্তৰালকৈ মৃগাংশ্ৰীয়ে ১৬ বছৰ বয়সৰ পৰাই পৰিবেশ্য কলা আৰু ৰাজহুৱা ক্ষেত্ৰত এক উল্লেখনীয় পৰিচয় গঢ়ি তুলিছে। এগৰাকী প্ৰশিক্ষিত শাস্ত্ৰীয় আৰু লোক নৃত্যশিল্পী তথা এগৰাকী দক্ষ শিল্পী হোৱাৰ লগতে তেওঁ এগৰাকী ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পেছাদাৰী ঘোষিকা (Anchor) হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিছে। মাত্ৰ সাত বছৰত ৫০০ৰো অধিক অনুষ্ঠান পৰিচালনা কৰা মৃগাংশ্ৰী ৰাজ্যৰ কনিষ্ঠতম ঘোষিকাসকলৰ ভিতৰত অন্যতম, যিয়ে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ দৰে বিশিষ্ট ব্যক্তিৰ লগতে আন্তঃৰাষ্ট্ৰীয় দূতাবাসসমূহৰ অনুষ্ঠানতো ঘোষিকা হিচাপে সেৱা আগবঢ়োৱাৰ গৌৰৱ অৰ্জন কৰিছে। তেওঁৰ আকৰ্ষণীয় মঞ্চ উপস্থিতি, বাগ্মিতা আৰু সাংস্কৃতিক সংবেদনশীলতাই তেওঁক চৰকাৰী আৰু কৰ্পোৰেট উভয় মঞ্চতে এক আদৰণীয় কণ্ঠস্বৰ কৰি তুলিছে৷

তেওঁৰ শৈল্পিক যাত্ৰা শাস্ত্ৰীয় থিয়েটাৰলৈও বিস্তৃত, য’ত তেওঁ এগৰাকী অভিনেত্ৰী হিচাপে অভিনয় কৰি সামাজিক আখ্যানসমূহক প্ৰকাশ কৰিছে। মঞ্চৰ বাহিৰতো সামাজিক কাৰণৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সমানেই গভীৰ। ৰটাৰী ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট ৩২8০-ৰ অন্তৰ্গত ইণ্টাৰেক্ট ক্লাবৰ প্ৰাক্তন সভাপতি আৰু ৰটাৰী নেটৱৰ্কৰ এজন সক্ৰিয় যুৱ বক্তা হিচাপে তেওঁ ধাৰাবাহিকভাৱে সামূহিক উন্নয়নৰ বাবে কাম কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ ‘হিউমেন ৰাইটচ ইণ্টাৰনেচনেল ফেডাৰেচন’ৰ সৈতে জড়িত হৈ মৌলিক অধিকাৰ আৰু সামাজিক ন্যায়ৰ হকে ওকালতি কৰি আহিছে৷

মৃগাশ্ৰী বৰুৱা ই শিশু শিক্ষা আৰু শিশুৰ নৈতিক কল্যাণ, বাবে সজোৰে মাত মাতি আহিছে। তেওঁ প্ৰত্যাহ্বানমূলক সময়ত সমাজ কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ‘কৰোনা ৱাৰিয়ৰ বঁটা’ আৰু ‘গ্লোবেল আইকন বঁটা’ ইন্ডিয়ান। আইকন বঁটা, ৰাষ্ট্ৰীয় পৰ্যায়ত ভগত সিং বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷

বৰ্তমান মিছ গ্ৰেণ্ড আছাম হিচাপে মৃগাংশ্ৰী বৰুৱাই ৬মে পৰা ১২ মে’লৈ দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬’ত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে। অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ চেতনা, সংস্কৃতি আৰু পৰিচয়ক বুকুত বান্ধি ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ৰাজ্যৰ নামৰ লগতে নিজৰ অসীম ধৰ্য, আৰু নিস্তাৰে আগবাঢ়িছে , মৃগাশ্ৰী বৰুৱা ই । অঞ্চলটোৰ চহকী ঐতিহ্য, ইয়াৰ দৰ্শন আৰু ইয়াৰ প্ৰাণৱন্ত বৈচিত্ৰ্যৰ প্ৰতি ৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰাটোৱেই তেওঁ ৰ স্পষ্ট লক্ষ্য৷

তেজপুৰ ৰ জীয়ৰী মৃগাশ্ৰী বৰুৱা অভিব্যক্তিৰ মাধুৰ্য্য, দেশৰ ঐক্যতা ৰ উদ্দেশ্য আগত ৰাখি দৃঢ়তাৰে মৃগাশ্ৰীয়ে ৰাষ্ট্ৰীয় মঞ্চত এক সাৰ্থক প্ৰভাৱ পেলাবলৈ সাজু হৈছে, যিয়ে অসমৰ গৌৰৱ , । তেখেতৰ ৰাষ্ট্ৰীয় পৰ‌যায়ৰ গ্ৰেণ্ড মিছ ইণ্ডিয়া ত পদাৰ্পনে প্ৰগতিশীল ভাৰতৰ সম্ভাৱনা ক প্ৰতিফলিত কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *