Share and Enjoy !

Shares

হোজাইৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত ডবকাৰ সৰুপথাৰ শকনজুৰিত শোকাৱহ পথ দুৰ্ঘটনা। দ্রুতবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় ১০০-১৫০ মিটাৰ দূৰত ছিটিকি গৈ দলঙৰ তলত পৰে ফলত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে, AS02 AR 4886 নম্বৰৰ ৱেগেনাৰ বাহনখনত থকা লোককেইজন জাব্ৰাখোৱাৰ এখন বিয়া ঘৰৰ সৈতে জড়িত আছিল। ওৰে নিশা বিয়া ঘৰত কটোৱাৰ পাছত পুৱা বিশেষ কামত কঠিয়াতলীৰ পৰা পুনৰ বিয়া ঘৰলৈ উভতি অহাৰ সময়তে শকনজুৰিত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনৰ গতি ইমানেই তীব্ৰ আছিল যে ই পথৰ পৰা বহু দূৰলৈ ছিটিকি গৈ দলঙৰ তলত পৰে। ফলত বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা লোককেইজন ক্ৰমে- চুনিল গৌড়, কমলা কুৰ্মী, মালো গৌড় আৰু এজন ৰান্ধনী বুলি জানিব পৰা গৈছে।

আনফালে, দুৰ্ঘটনাগ্ৰস্ত ৱেগেনাৰ বাহনখনৰ নম্বৰ AS02 AR 4886 বুলি জানিব পৰা গৈছে। লগতে আহত লোককেইজনক তৎক্ষণাত উদ্ধাৰ কৰি নগাঁৱৰ মৌখুলিস্থিত চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ইপিনে ঘটনাস্থলীত যমুনামুখ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *