Share and Enjoy !

Shares

মহানগৰীৰ ডিমৰীয়া যুৱতীক নিৰ্মমভাৱে হত্যা। ১৭বাৰকৈ ডেগাৰেৰে আক্ৰমণ কৰি হত্যা কৰিছিল যুৱতীগৰাকীক।

ইতিমধ্য ডিমৰীয়াৰ নিবাসী বিপুল মল্লিক নামৰ প্ৰেমিকজনে যুৱতীগৰাকীক হত্যা কৰা কথা স্বীকাৰ কৰিছে আৰক্ষীৰ আগত।

ইফালে, যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পাছত স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, ৪ জুনত গধূলি ৭ বজাত ঔজাৰি গাঁৱৰ গাঁওবুঢ়াই গাঁও ডিমৰীয়াৰ পথাৰত এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিছিল আৰক্ষীক।আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে।

লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, পৰিয়ালৰ লোকে আহি মৃত যুৱতীগৰাকীক চিনাক্ত কৰে।

উল্লেখ্য যে, বিপুল মল্লিক POCSO গোচৰত ইতিমধ্যে কাৰাবাস খাটি আহিছিল। আৰু চলিত বৰ্ষ ফেব্ৰুৱাৰীত মুকলি আকাশৰ তললৈ আহিছিল মল্লিক।

এই আসেজতে বিপুল মল্লিকে যুৱতীগৰাকীক ডিমৰীয়ালৈ মাতি আনি চোকা অস্ত্ৰৰে আঘাত হানি হত্যা কৰি পলায়ন কৰিছিল বুলিও সদৰী কৰিছে আৰক্ষীয়ে। তাৰপাছত যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গুৱাহাটীৰ পৰা কৰায়ত্ত কৰে বিপুল মল্লিকক।

Leave a Reply

Your email address will not be published. Required fields are marked *