Share and Enjoy !

Shares

পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ ।আজিৰে পৰা পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ।

দেওবাৰৰ পৰাই কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিছে এল পি জি (LPG) চিলিণ্ডাৰৰ দাম। ৩ মাহত দ্বিতীয়বাৰলৈ ঘৰুৱা ব্যৱহাৰ্য চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ সমান্তৰালকৈ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিও ধাৰাবাহিকভাৱে অব্যাহত আছে।

ৰাষ্ট্ৰীয় তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰা তথ্য অনুসৰি, ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটো চিলিণ্ডাৰত ২৯ টকাকৈ বৃদ্ধি কৰা হৈছে। এনে দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত গুৱাহাটীত প্ৰতিটো চিলিণ্ডাৰৰ দাম হ’লগৈ ৯৯১ টকা। পূৰ্বে গুৱাহাটীত ঘৰুৱা চিলিণ্ডাৰৰ দাম আছিল ৯৬২ টকা। ইফালে, আজিৰেপৰা ৰাজধানী নতুন দিল্লীত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ’লগৈ ৯৪২ টকা, পূৰ্বে ৰাজধানী দিল্লীত ঘৰুৱা চিলিণ্ডাৰৰ দাম আছিল ৯১৩ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *