ধিঙত অব্যাহত আছে আহোমগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।
আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি হাজৰিকাৰ নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।
আজি বেচামাৰীত আৰক্ষীয়ে অভিযান চলাই ৰৌমাৰী গাওঁ পৰা কুখ্যাত ড্ৰাগছ মাফিয়া জিয়াবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ আৰু এখন পালচাৰ বাইক।
আহোমগাঁও আৰক্ষীৰ জালত পৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটো ৰৌমাৰী গাঁৱৰ মফিজ উদ্দীন পত্ৰ জিয়াবুৰ ৰহমান ।
কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জিয়াবুৰ ৰহমানে বিগত বহু দিনৰ পৰাই টুকটুকী,কটহগুৰি, ৰৌমাৰী, মৈৰাধ্বজ অঞ্চলত চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়।
বৰ্তমান অধিক তথ্যৰ বাবে ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰী জিয়াবুৰ ৰহমানক।