Share and Enjoy !

Shares

চিৰাঙৰ বিজনীত মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।

আজি পুৱা বিজনী কালিবাৰীত মাতৃ জুমা মণ্ডল(২২) আৰু দুই বছৰীয়া কন্যাৰ শোৱাপাটীত মৃত অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য

জানিব পৰা মতে, স্বামী স্বপন মণ্ডল আৰু পত্নীৰ মাজত প্ৰায়েই কাজিয়াৰ সূত্ৰপাত হয়। শনিবাৰে সন্ধিয়াৰ ভাগত পতি-পত্নীৰ মাজত কাজিয়া হয় যদিও নিশা স্বাভাৱিকভাৱেই সকলোৱে শুই পৰে কিন্তু পুৱাৰ ভাগত পত্নী আৰু কন্যাৰ শোৱাপাটীত মৃত অৱস্থাত উদ্ধাৰ হয়

পৰৱৰ্তী স্বামী স্বপন মণ্ডলে দুয়োকে বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ইফালে এই ৰহস্যজনক মৃত্যুৰ ঘটনা সংক্ৰান্তত বিজনীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে চাৰিবছৰ পূৰ্বে স্বপন আৰু জুমা মণ্ডলৰ মাজত প্ৰেম বিবাহ হৈছিল ।

জানিব পৰা মতে ঘটনাৰ আগলৈকে স্বামী স্বপন মণ্ডলৰ স্ব-গৃহ পশ্চিমবংগৰ মালদাৰ পৰা তিনিদিন আগত বিজনীলৈ আহাৰ পাছতে এই ঘটনা সংঘটিত হয়।

কিন্তু কি কাৰণত শোৱাপাটীতে মাতৃ-কন্যাৰ মৃত্যু হ’ল আৰক্ষীৰ তদন্তত পাছতহে পোহৰলৈ আহিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *