ৰাজধানী গুৱাহাটীৰ জু-ৰোডৰ ‘স্পা এণ্ড পাৰ্লাৰ’ত অনৈতিক কাৰ্য। পুনৰ চৰ্চালৈ আহিছে গুৱাহাটীৰ ‘স্পা এণ্ড বিউটি পাৰ্লাৰ’।
শনিবাৰে নিশা গীতানগৰ আৰক্ষীৰ অভিযানকাৰী দল এটাই স্পা এণ্ড পাৰ্লাৰ’ত প্ৰৱেশ কৰি হ’ল হতবাক। স্পাখনৰ পৰা আৰক্ষীয়ে আটক কৰিলে যুৱতী মেনেজাৰ, কেয়াৰটেকাৰসহ ৯ যুৱতীক। দীৰ্ঘদিনৰপৰা যুৱতী-মহিলাক কৰ্ম সংস্থাপন দিয়াৰ নামত গাঁৱৰ সহজ-সৰল যুৱতীক কেইটামান টকা দি দেহ ব্যৱসায়ত লিপ্ত কৰোৱাই স্পাখনৰ মালিক সোণমণি দাসে।
পুৱাৰ পৰা মাজনিশালৈকে বিউটি পাৰ্লাৰ খুলি যৌনতাৰ বেপাৰ চলোৱা সোণমণি দাস ওৰফে মুন এতিয়া পলাতক।
পিছে আৰক্ষীয়ে ধৰিলে চক্ৰটোৰ মাষ্টাৰমাইণ্ড সোণমণিৰ যুৱতী মেনেজাৰ, কৰ্মচাৰী অনিল বড়োক।
তদন্তত পোহৰলৈ আহিছে যে, ধৃত যুৱতী মেনেজাৰ আৰু কেয়াৰটেকাৰ অনিলে স্পাখনলৈ লৈ যায় গ্ৰাহকক।
ইতিমধ্যে, ৮ ভুক্তভোগী যুৱতীক আৰক্ষীয়ে নিশা থানাত বহুৱাই দেওবাৰে দুপৰীয়া গতাই দিয়ে স্বেচ্ছাসেৱী ‘সখী’ সংগঠনক।