Share and Enjoy !

Shares

গুৱাহাটী, ১৫ জুন: অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত শিল্পকলাই পুনৰ লাভ কৰিলে এক উল্লেখযোগ্য স্বীকৃতি। ৰাজ্যৰ চাৰিবিধ পৰম্পৰাগত সামগ্ৰী—বিহু পেঁপা, কাৰ্বি আংলং হস্ততাঁত সামগ্ৰী, অসমৰ বাঁহ শিল্প আৰু দেউৰী হস্ততাঁত সামগ্ৰী—শেহতীয়াকৈ ভৌগোলিক সূচকাংক (GI Tag) লাভ কৰিবলৈ সক্ষম হৈছে।

নাৱাৰ্ডৰ সহযোগত প্ৰদান কৰা এই স্বীকৃতিয়ে অসমৰ থলুৱা জনজাতীয় বয়নশিল্প, বাঁহৰ কাৰুকাৰ্য আৰু লোক-সংস্কৃতিৰ সৈতে জড়িত ঐতিহ্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন মৰ্যাদা প্ৰদান কৰিছে। GI টেগ লাভৰ ফলত এই সামগ্ৰীসমূহৰ বজাৰমূল্য বৃদ্ধি পোৱাৰ লগতে থলুৱা শিল্পী, শিপিনী আৰু উৎপাদকসকলৰ বাবে নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি হোৱাৰ আশা কৰা হৈছে।

বিশেষকৈ, বিহু উদযাপনৰ অন্যতম প্ৰতীকী বাদ্যযন্ত্ৰ পেঁপা, কাৰ্বি আংলঙৰ ঐতিহ্যবাহী হস্ততাঁত সামগ্ৰী, অসমৰ প্ৰাচীন বাঁহ শিল্প আৰু দেউৰী জনগোষ্ঠীৰ বয়নশিল্পে এই স্বীকৃতিৰ জৰিয়তে বিশ্বমঞ্চত অসমৰ ঐতিহ্য আৰু সৃষ্টিশীলতাক অধিক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰিব।

এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা-ই সামাজিক মাধ্যমত প্ৰকাশ কৰে, ‘‘অসমৰ সমৃদ্ধিৰ আন এক গৌৰৱময় স্বীকৃতিৰে আমি সমৃদ্ধ হ’লোঁ। অসমৰ পৰিচয় স্বৰূপ বিহু পেঁপা, কাৰ্বি আংলং হস্তশিল্প, অসমৰ বাঁহ শিল্প আৰু দেউৰী হস্তশিল্প সামগ্ৰীয়ে ভৌগোলিক সূচকাংক (GI Tag) লাভ কৰাটো আমাৰ চহকী ঐতিহ্য, সৃষ্টিশীলতা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ এক সন্মানজনক স্বীকৃতি। এই সাফল্যৰ বাবে জড়িত সকলো শিল্পী আৰু অসমবাসীলৈ আন্তৰিক অভিনন্দন। আহক, এই সাফল্যৰ ধাৰাৰে আমাৰ অনন্য ঐতিহ্যক সুৰক্ষিত ৰাখি বিশ্বমঞ্চত অসমৰ সংস্কৃতিৰ জয়গান অধিক শক্তিশালী কৰি তোলোঁ।’’

বিশেষজ্ঞসকলৰ মতে, GI টেগে কেৱল সামগ্ৰীৰ বৌদ্ধিক সম্পদ সুৰক্ষাই নকৰে, বৰঞ্চ পৰম্পৰাগত জ্ঞান ব্যৱস্থা সংৰক্ষণ, গ্ৰাম্য জীৱিকাৰ উন্নয়ন আৰু স্থানীয় শিল্পৰ বহনক্ষম বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ এই নতুন সাফল্যই ৰাজ্যৰ খিলঞ্জীয়া ঐতিহ্যক বিশ্বদৰবাৰত অধিক সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *