কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী ধলাই থানাৰ অন্তৰ্গত লাইলাপুৰ আৰক্ষী চকীৰ তালাচী অভিযানত বৃহৎ পৰিমাণৰ অবৈধ বিদেশী সুৰা জব্দ।
এক গোপন তথ্যৰ ভিত্তিত লাইলাপুৰ আৰক্ষী দল আৰু আবকাৰী বিভাগে যুটীয়াভাৱে চলোৱা এক অভিযানত এই সফলতা লাভ কৰে।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, গুৱাহাটীৰ পৰা শ্বিলং আৰু কাছাৰ জিলা হৈ মিজোৰাম অভিমুখে গৈ থকা AS-01-TC-6243 নম্বৰৰ এখন ৬ চকীয়া ট্ৰাক লাইলাপুৰ অসম-মিজোৰাম চেক গেটত আৰক্ষীয়ে জব্দ কৰে। প্ৰথম অৱস্থাত ট্ৰাকখনত বিভিন্ন গেলামালৰ সামগ্ৰী ভৰ্তি থকা যেন দেখিলেও, সন্দেহৱশতঃ আবকাৰী বিভাগক মাতি আনি যুটীয়াভাৱে চলোৱা তালাচীত গেলামালৰ তলত লুকুৱাই থোৱা অৱস্থাত মুঠ ২৩২ কাৰ্টন অবৈধ সুৰা জব্দ কৰে।
জব্দ কৰা সকলোবোৰ সুৰা কেৱল মেঘালয়ত বিক্ৰীৰ বাবে উৎপাদিত বুলি বটলবোৰত উল্লেখ আছে। লগতে ট্ৰাকখনৰ পৰা মুঠ ১৮৩ কাৰ্টন আইএমএফএল আৰু ৪৯ কাৰ্টন বিয়েৰ জব্দ কৰা হৈছে।
ইপিনে এই চোৰাং সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত ট্ৰাকখনৰ চালকজনকো আটক কৰে। বৰ্তমান ধৃত চালকজনক অধিক সোধা-পোছা চলাই আছে