ৰাজ্যত সক্ৰিয় নাৰী দেহ ব্যৱসায়ী চক্ৰ। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেহ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।ৰাজ্যৰ ইখনৰ পাছত সিখন হোটেল, UNISEX পাৰ্লাৰ আৰু আভিজাত্যপূৰ্ণ আৱাসিক এলেকাত আৰক্ষীৰ অভিযান।
সোমবাৰে নিশা যোৰহাটত আৰক্ষীৰ অভিযান জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন আগশাৰীৰ হোটেলত চলোৱা এক অভিযানত এক বৃহৎ নাৰী দেহ ব্যৱসায়ী চক্র উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষী প্রশাসনে।
জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ প্ৰত্যক্ষ তত্ত্বাৱধান আৰু নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীৰ দলটোৱে অতৰ্কিতে হোটেলখনত অভিযান চলাই কেইবাগৰাকীও যুৱক-যুৱতীক আপত্তিজনক অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰে। দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু সুনিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, যোৱা প্ৰায় তিনি বছৰ ধৰি এই অৰ্বিট হোটেলখনত অতি নিৰাপদে আৰু গোপনে এই অবৈধ যৌন ব্যৱসায়ৰ ৰমৰমীয়া বেহা চলি আছিল। এই চক্ৰটোৱে কেৱল যোৰহাটতে নহয়, বৰঞ্চ উজনি আৰু মধ্য অসমৰ বিভিন্ন প্ৰান্তলৈ যুৱতী যোগান ধৰি আহিছিল। প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা মতে, এই হোটেলখনৰ পৰাই নগাঁও, কাজিৰঙা,শিৱসাগৰ আৰু যোৰহাটৰ বিভিন্ন স্থানলৈ নিয়মীয়াকৈ যুৱতীসূহক সৰবৰাহ কৰা হৈছিল।
আৰক্ষীৰ তথ্য অনুসৰি ‘পেগু’ উপাধিধাৰী এগৰাকী মহিলাই সমগ্ৰ ক্ৰেংক আৰু যোগান শৃংখলটোৰ নেতৃত্ব দি আছিল। তেঁৱেই আছিল এই সমগ্ৰ অবৈধ সাম্ৰাজ্যখনৰ মূল সূত্ৰধাৰ। লগতে আৰক্ষীয়ে অভিযানৰ সময়ত উদ্ধাৰ কৰা আপত্তিজনক সামগ্ৰী, নথি-পত্ৰ আৰু হোটেলৰ পঞ্জীয়ন বহীও জব্দ কৰিছে। আটকাধীন যুৱক-যুৱতী তথা হোটেল কৰ্তৃপক্ষক বৰ্তমান থানাত জেৰা চলাই থকা হৈছে।
এই ঘটনাই সমগ্ৰ যোৰহাট অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।