Share and Enjoy !

Shares

গৌৰৱৰ ক্ষণ। ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ থকা অসমীয়াৰ গৌৰৱ ‘বৃন্দাৱনী বস্ত্ৰ’ নিৰীক্ষণ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ

গুৰুজনাৰ সৃষ্টিৰাজী প্ৰত্যক্ষ কৰি সত্ৰাধিকাৰগৰাকী অত্যন্ত আৱেগিক হৈ পৰে।

ব্ৰিটিছ মিউজিয়ামত সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী উপস্থিত হোৱাৰ লগে লগে মিউজিয়ামৰ শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়াসকলে তেওঁক বিশেষভাৱে আদৰণি জনায়। কেৱল বৃন্দাৱনী বস্ত্ৰই নহয়, মিউজিয়ামটোত সংৰক্ষিত হৈ থকা অসমৰ প্ৰথমখন বাৰ্তালোচনী ‘অৰুণোদই’ৰ সমসাময়িক তথা পৰৱৰ্তী কালৰ ঐতিহাসিক সংবাদ পত্ৰ ‘আসাম বিলাসীন’ৰ সংৰক্ষিত পৃষ্ঠাসমূহো সত্ৰাধিকাৰগৰাকীয়ে প্ৰত্যক্ষ কৰে। নিজ সত্ৰৰ ঐতিহ্যৰ সৈতে জড়িত এই ঐতিহাসিক পৃষ্ঠা দেখা পাই তেওঁ আনন্দিত হৈ পৰে।

ইয়াৰ পাছতে মিউজিয়ামৰ শীৰ্ষ সমল-সংৰক্ষক আৰু গৱেষকসকলৰ সৈতে সত্ৰাধিকাৰগৰাকী এক গুৰুত্বপূৰ্ণ ঐতিহাসিক বাৰ্তালাপত মিলিত হয়। এই বৈঠকত অসমৰ সত্ৰীয়া সংস্কৃতি, বৃন্দাৱনী বস্ত্ৰৰ ধৰ্মীয় তথা আধ্যাত্মিক গুৰুত্ব আৰু ইয়াৰ বয়ন শিল্পৰ চানেকি সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *