Share and Enjoy !

Shares

নিশা শুৱালকুছিত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰীৰ বিভাগৰ তীব্ৰ অভিযান।

অভিযানত বুজন পৰিমাণৰ দেশী-বিদেশী সুৰা জব্দ, আটক এজন অবৈধ সুৰা ব্যৱসায়ী।

শুৱালকুছি মূল প্ৰৱেশদ্বাৰৰ সমুখত যোৱা কিছুদিন ধৰি গঢ় লৈ উঠিছে কেইবাখনো অবৈধ বিলাতী সুৰাৰ দোকান।

দৈনিক পুৱা পৰা নিশালৈকে অঞ্চলটোত মুকলিভাৱে চলাই আছিল দেশী বিদেশী সুৰাৰ ৰমৰমীয়া বেপাৰ ।

যাৰ পৰিণতিত অঞ্চলটোত সংঘটিত হৈছিল বিভিন্নধৰনৰ অপৰাধমূলক ঘটনা।

যাৰ বাবে এই অবৈধ সুৰা ব্যৱসায়ী বিৰুদ্ধে নিশা অভিযান চলালে শুৱালকুছি আৰক্ষীৰ সহযোগত কামৰূপ আবকাৰী বিভাগে ।

কামৰূপৰ আবকাৰী বিভাগৰ উপ আৰক্ষী অধীক্ষক দিপক শৰ্মাৰ নেতৃত্বত চলিল এই অভিযান।

অভিযানত প্ৰায় ৩ লাখ টকা মূলৰ দেশী বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগে ।

লগতে আটক কৰা হয় অবৈধ সুৰা ব্যৱসায়ৰ লগত জড়িত মিঠুন মড়লক।

Leave a Reply

Your email address will not be published. Required fields are marked *