গুৱাহাটী মহানগৰীত চোৰৰ উপদ্ৰৱ।
মহানগৰীৰ পাথৰকুৱেৰীৰ মেগজিনত কেমেৰাৰ সম্মুখত ইলেক্ট্রিক দোকানত চোৰৰ লুটপাত।
পাথৰকুৱেৰীৰ মেগজিনৰ বৰুৱা ইলেক্ট্রিকেল নামৰ দোকানৰ চাৰ্টাৰ ভাঙি ফেন,বৈদ্যুতিক তাৰ, তামৰ তাৰ, এম চি বিকে ধৰি ৯ লাখ টকাৰ সামগ্ৰী লুট কৰি নিয়ে।
চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য চি চি টিভিৰ কেমেৰাত বন্দী ।
চিচি টিভিৰ কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি তিনি জন চোৰে গাড়ী লৈ আহি চুৰি কাৰ্য সংঘটিত কৰে।
ঘটনা সন্দৰ্ভত দোকানৰ গৰাকী বলজিৎ বেজবৰুৱাই নুনমাটি থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ।