Share and Enjoy !

Shares

বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী বনাঞ্চলিক কাৰ্য্যালয়ৰ এলেকাধীন বামুণীৰ তপতজুৰী অঞ্চলত বন্যহস্তীক উপদ্ৰৱ।

শেহতীয়াকৈ বনৰীয়া হাতীয়ে অঞ্চলটোত প্ৰৱেশ কৰি বাসগৃহত ক্ষয়-ক্ষতি কৰে।

অঞ্চলটোত হোৱা হাতী-মানুহৰ সংঘাতৰ বুজ ল’বলৈ সোমবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উক্ত অঞ্চলত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।। পৰিদৰ্শনকালত বাসিন্দাসকলৰ সৈতে মত-বিনিময় কৰে।

আয়ুক্তগৰাকীয়ে এই পৰিদৰ্শন কালচোৱাত বনাঞ্চলিক বিষয়া-কৰ্মচাৰীসকলৰ সৈতে অঞ্চলটোত বন্যহস্তীয়ে প্ৰৱেশ কৰা পথসমূহ নিৰীক্ষণ কৰাৰ লগতে এই সমস্যাৰ পৰা অঞ্চলবাসীক সকাহ দিয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *