উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচল পাহাৰত কিয়নো দেশৰ লগতে সমগ্ৰ বিশ্ববাসীৰ উৎকণ্ঠাৰ ক্ষণ মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটিমান দিন বাকী । ইতিমধ্যে লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে মাঁ কামাখ্যা ধাম কৰ্তৃপক্ষ ।ঘোষণা হ’ল অম্বুবাচী মেলাৰ দিন ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মাঁ কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা ।
২২ জুনৰ পুৱা ৯ বাজি ৮ মিনিট ৪২ চেকেণ্ড অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ ২২ জুনৰ পৰা ২৬ জুনলৈ তিনিদিন ধৰি বন্ধ থাকিব মন্দিৰ মূল দুৱাৰ । ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ’ব মন্দিৰৰ মূল দুৱাৰ কামাখ্যা ধামত অনুষ্ঠিত হোৱা মহা অম্বুবাচী মেলাত প্ৰতিবছৰে আগমন ঘটে দেশ-বিদেশৰ লাখ লাখ সাধু-সন্ন্যাসী তথা ভক্তগণৰ ।
অম্বুবাচীৰ প্ৰায় এমাহ পূৰ্বৰে পৰা নীলাচললৈ আগমন ঘটে বহু সাধু-সন্ন্যাসীৰ । প্ৰতিবর্ষৰ দৰে এইবর্ষও অম্বুবাচী উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটে লাখ লাখ ভক্ত তথা সাধু-সন্তক ।