শোণিতপুৰৰ চাৰিদুৱাৰত হৃদয়বিদাৰক ঘটনা। বিদ্যুৎ বিভাগৰ ট্ৰান্সফৰ্মাৰত লাগি বন্যহস্তীয়ে কৰুণ মৃত্যু।
জানিব পৰা মতে, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীটো চেণ্টাৰ অঞ্চলত প্ৰৱেশ কৰাৰ পিছত বিদ্যুৎ ট্ৰান্সফৰ্মাৰৰ সংস্পৰ্শলৈ আহে। ফলত বিদ্যুৎস্পৃষ্ট হৈ ঘটনাস্থলীতেই হাতীটোৰ মৃত্যু ঘটে।
ইফালে, একাংশ বনদস্যুৰ অবাধ বনধ্বংসৰ ফলত চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ বৃহৎ অংশ ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
স্থানীয় লোকসকলে অভিযোগ কৰা মতে, বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে।
আনহাতে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।