অৱশেষত পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।
২০ জুলাই, ২০২৬ৰ পৰা দিল্লীকে ধৰি সমগ্ৰ দেশজুৰি চিজেপিৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীৰ আন্দোলনৰ মূল দাবী আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদত্যাগ।অৱশেষত আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ দাবী মানি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে
উল্লেখ্য যে, শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকৰ সময়তো ককৰোচ জনতা পাৰ্টিয়ে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছিল। CJPৰ প্ৰতিনিধিয়ে নিৰ্দ্বিধায় উল্লেখ কৰে যে ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰালৈকে যন্তৰ মন্তৰত প্ৰতিবাদ অব্যাহত থাকিব। শনিবাৰে ধৰ্মেন্দ্ৰ প্ৰধানে গণতন্ত্ৰৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি উল্লেখ কৰি পদত্যাগ কৰে।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছত যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিৰ নেতা সমৰ্থকসকলে এক বৃহৎ বিজয় বুলি অভিহিত কৰি সফলতা উদযাপন কৰে।
সমৰ্থকসকলক সম্বোধন কৰি দলৰ নেতা অভিজিত দীপকে কয়, আন্দোলনৰ সফলতা, আৰু নিৰৱচ্ছিন্ন সংগ্ৰামৰ বাবে চৰকাৰে নতশিৰ কৰিবলগীয়া হৈছে। অভিজিত দীপকে কয়, “আমি কৰি দেখালোঁ। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। সকলোৱে কৈছিল যে এই চৰকাৰত পদত্যাগ নহয়, কিন্তু আমি প্ৰমাণ কৰিছো যে পৃথিৱীখন নতশিৰ হয়; ইয়াক নতশিৰ কৰাবলৈ কোনোবা এজনৰ প্ৰয়োজন।” তেওঁ কয় যে এই আন্দোলনৰ লক্ষ্য কেৱল এজন মন্ত্ৰীৰ পদত্যাগেই নহয়, অনিয়মৰ দ্বাৰা ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰী আৰু পৰিয়ালসমূহৰ ন্যায় নিশ্চিত কৰা।