জামুগুৰিহাটত নিশা দুৰ্বৃত্তই থপিয়াই নিলে গহনাভৰ্তি বেগ।
জামুগুৰিহাটৰ কৃষ্ণ জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ পৰা বাইকত অহা দুৰ্বৃত্তই থপিয়াই নিয়ে প্ৰায় ২ লক্ষাধিক টকাৰ গহণা ৷
গ্ৰাহকে দিয়া অৰ্দাৰৰ গহণা তৈয়াৰ কৰি আন দিনাৰ দৰে ঘৰত থ’বলৈ বুলি গৈ থকাৰ মুহূৰ্ততে সংঘটিত হয় এই ডকাইটিকাণ্ড৷
ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷
জামুগুৰিহাটৰ মাজমজিয়াত সংঘটিত এনে চুৰিকাণ্ডৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে ৷