Share and Enjoy !

Shares

গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে চাঞ্চল্যকৰ চুৰিকাণ্ড

মহানগৰীৰ জালুকবাৰী গাড়ীগাঁৱত সংঘটিত হয় এই চুৰিকাণ্ড

প্ৰয়াত নজৰুদ্দিন আহমেদৰ বাসগৃহত চোৰ দলে চলালে লুটপাট

ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰ প্ৰৱেশ কৰিছিল বাসগৃহটোত

বিয়াৰ বাবে যোগাৰ কৰা সকলো সা-সামগ্ৰী লৈ উধাও চোৰৰ দল

চোৰে লুটি নিলে ৫লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ, প্ৰায় ১লাখ ১০হাজাৰ নগদ ধন

পাছত চোৰে তহিলং কৰা ঘৰ দেখি হতবাক পৰিয়ালৰ লোকসকল

ইফালে নিশাই ঘটনাস্থলীত উপস্থিত হয় জালুকবাৰী আৰক্ষীৰ দলৰ লগতে CID দল

আৰক্ষীয়ে সংগ্ৰহ কৰিছে ওচৰ-পাজৰৰ চিচিটিভি কেমেৰাৰ দৃশ্য

চিচিটিভিৰ দৃশ্যৰ ভিত্তিত এজনক আটক কৰিছে আৰক্ষীয়ে

অৱশ্যে বৰ্তমানো চোৰৰ সম্পূর্ণ গেংটো আটক কৰিবলৈ সক্ষম হোৱা নাই জালুকবাৰী আৰক্ষী

উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে সংঘটিত এই চুৰিকাণ্ডই উদঙাইছে জালুকবাৰী আৰক্ষীৰ নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *