তেজপুৰৰ বামপৰ্বতীয়াত নিশা পথ দুৰ্ঘটনা। বৈদ্যুতিক টেঞ্চৰ্ফমাৰত খুন্দা ১০৮ এম্বুলেঞ্চৰ নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো।
৩ জন যুৱকে এম্বুলেঞ্চখন চুৰি কৰি আনি দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সুৰাৰ ৰাগীত মাতাল হৈ আছিল যুৱককেইজন। এম্বুলেঞ্চখনৰ নম্বৰ AS25CC744।
এম্বুলেঞ্চখনত নাছিল চাবি। চাবি নোহোৱাকৈ বৈদ্যুতিক তাৰ যোৰা লগাই ষ্টাট (Start) কৰিছিল এম্বুলেঞ্চখন।
কি উদ্দেশ্যে এম্বুলেঞ্চখন চুৰি কৰিছিল সেয়া আৰক্ষীৰ অনুসন্ধানত জানিব পৰা যাব।
ৰাইজে ৩ জন যুৱকক আটক কৰি আৰক্ষীক চমজাই দিছে।