Share and Enjoy !

Shares

বঙাইগাঁৱৰ যোগীঘোপা আৰক্ষীৰ সফলতা । যোগীঘোপাত নিশা আৰক্ষীয়ে চলাই ড্ৰাগছ বিৰোধী অভিযান৷ অভিযানত তিনি কোটি টকাতকৈ অধিক মূল্যৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ৷ বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষীয়ে এফ চি আই বজাৰৰ সমীপত অভিযান চলাই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী এটাক গ্ৰেপ্তাৰ কৰে ।

ধৃত ড্ৰাগছ ব্যৱসায়ীটো ভড়ালকুণ্ডি কৰেয়া পাহাৰ গাঁৱৰ মফিদুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

জানিব পৰা অনুসৰি, মফিদুল ইছলামে কৰেয়া পাহাৰ গাঁৱৰ ঘৰৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ যোগীঘোপা আৰক্ষীয়ে মফিদুল ইছলামক আটক কৰি তেওঁৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে ।

আৰক্ষীয়ে দহ হাজাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জব্দ কৰা য়াবা টেবলেটৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকা বুলি বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই জানিবলৈ দিয়ে । আৰক্ষীয়ে মফিদুল ইছলামৰ এখন বিলাসী বাহন আৰু এখন মটৰ চাইকেল জব্দ কৰে ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *