Share and Enjoy !

Shares

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। গোৱালপাৰাৰ পৰা‌ মিজোৰামলৈ অবৈধভাৱে সৰবৰাহৰ সময়ত এখন কাৰ্গো ডেলিভাৰী ট্ৰাকৰ পৰা জব্দ ১০০ কাৰ্টন বিদেশী সুৰা।

গোপন তথ্যৰ ভিত্তিত ধলাই থানাৰ আৰক্ষীয়ে নাকা চেকিং বহুৱাই মিজোৰাম অভিমুখী এখন কাৰ্গো ডেলিভাৰী ট্ৰাকৰ পৰা জব্দ কৰে ১০০ কাৰ্টন বিদেশী সুৰা।

জব্দ কৰা সুৰাৰ ভিতৰত আছিল কিংফিচাৰ, মেকডুৱেলছ, ছিগনেচাৰ, ব্লেন্ডাৰ্ছ প্ৰাইড, ৰয়্যাল ষ্টেগ আদি বিভিন্ন ব্ৰেণ্ডৰ সুৰা। আৰক্ষীৰ চকুত ধূলি দিবলৈ সুৰা‌ৰ কাৰ্টুনসমূহ কাৰ্গো ডেলিভাৰী ট্ৰাকত অন্য সামগ্ৰীৰ সৈতে সৰবৰাহৰ পৰিকল্পনা কৰিছিল সুৰা ব্যৱসায়ীয়ে।

অবৈধ সুৰা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকৰ চালক গোৱালপাৰাৰ কৃপাময় ৰাভাক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ধৃত‌ চালকজনক জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *