ড্ৰাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ অভিযান। অভিযানত বুজন পৰিমাণৰ হেৰ’ইনসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ
গোপন তথ্যৰ ভিত্তিত ৰাংগিৰখাৰী চকীৰ আৰক্ষীয়ে সোণাইৰোডত অভিযান চলাই এগৰাকী মহিলাৰ পৰা তিনিটা হেৰ’ইনৰ পেকেট জব্দ কৰে। জব্দ কৰা হেৰ’ইন খিনিৰ ওজন প্ৰায় ৪০গ্ৰাম।
ইফালে, হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে নিশিমা খাতুন নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। নিশিমাৰ ঘৰ কাৰ্বি-আংলংৰ খটখটি থানাৰ অন্তৰ্গত গগৈ বস্তিত বুলি সদৰী কৰিছে আৰক্ষীয়ে।