পুনৰ সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ। ধুবুৰী জিলাৰ গৌৰীপুৰত আৰক্ষীয়ে চলোৱা এক অভিযানত নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ দুই গৰাকী ভুক্তভোগী যুৱতীক।
উল্লেখ্য যে, বৰপেটা জিলাৰ ভেল্লা অঞ্চলৰ এই যুৱতী দুগৰাকীক উন্নত কৰ্ম সংস্থাপনৰ মিছা প্ৰলোভন দি আনিছিল এই সৰবৰাহকাৰী চক্ৰটোৱে। ইয়াৰ পিছত ধুবুৰীৰ চিতলকাটিস্থিত আবুল হুছেইন নামৰ এজন ব্যক্তিৰ ঘৰত যুৱতী দুগৰাকীক আবদ্ধ কৰি ৰখা হৈছিল আৰু তাৰ পৰাই তেওঁলোকক বিহাৰলৈ সৰবৰাহ কৰাৰ এক পৰিকল্পনা কৰা হৈছিল।
গোপন সূত্ৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে তৎকালীনভাৱে অভিযান চলাই চিতলকাটিৰ পৰা যুৱতী দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিছে।নাৰী সৰবৰাহৰ এই সমগ্ৰ ৰেকেটটোৰ সৈতে বহুলোক জড়িত থকাৰ সন্দেহ কৰা হৈছে।
উক্ত ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।