Share and Enjoy !

Shares

কামৰূপ জিলাৰ বকোত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ গুলীত নিহত দুগৰাকীকৈ আৰক্ষীৰ। বকো আৰক্ষী থানাৰ অন্তৰ্গত গামেৰীমূৰা আৰক্ষী পহৰা চকীত নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।

প্ৰাথমিক তথ্য অনুসৰি, আৰক্ষী পহৰা চকীটোত কৰ্মৰত আৰক্ষী জোৱান চিৰঞ্জীৱ চৌধুৰীয়ে AK-47ৰে গুলীয়াই প্ৰাণ ল’লে দুই আৰক্ষীৰ। ঘটনাত নিহত হয় গামেৰীমূৰা আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দ্ৰজিৎ বৰা আৰু আৰক্ষী জোৱান দুজন ফজুৰুল আলী।

অৱশ্যে, কি কাৰণত এই গুলীচালনাৰ ঘটনা সংঘটিত হ’ল, সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য পোহৰলৈ অহা নাই। ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।

ঘটনাৰ পিছতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *