Share and Enjoy !

Shares

ক্ষেত্ৰীত একাদশ শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য। গাণ্ডীৱ লোচন শৰ্মা নামৰ এগৰাকী ১৭ বছৰীয়া ছাত্ৰক হত্যা কৰাৰ সন্দেহ। পিতৃৰ কোৱাৰ্টাৰত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ নিথৰ দেহ। সৰু পুত্ৰক সংগীত বিদ্যালয়লৈ নিয়াৰ সময়তে সংঘটিত হয় এই ঘটনা।

সময় বাগৰাৰ লগে লগে ৰহস্যঘন হৈ পৰিছে গাণ্ডীৱ লোচন শৰ্মাৰ মৃত্যুৰ ঘটনা। মৃত ছাত্ৰজনৰ পকেটত ২টা ৰহস্যজনক টোকা উদ্ধাৰ হৈছে। এটা টোকাত লিখা আছে ‘Thank you for everything you did till now’, আনটো টোকাত আছে ‘And sorry for everything I did till now’। পিতৃ-মাতৃ আৰু ভাতৃক উদ্দেশ্যি লিখা আছিল এই টোকা।

এই টোকা লাভৰ পাছতে নতুন দিশেৰে আগবাঢ়িছে ঘটনাৰ তদন্ত। টোকা দুটাৰ আখৰ মৃত ছাত্ৰজনৰ হয়নে নহয় তাৰো তদন্ত কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, ক্ষেত্ৰীৰ ৰাজ্যিক চিকিৎসালয়ৰ চৌহদৰ কোৱাৰ্টাৰত দেওবাৰে ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল গাণ্ডীৱ লোচন শৰ্মা নামৰ একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ মৃতদেহ। পিতৃ-মাতৃয়ে কনিষ্ঠ পুত্ৰক সংগীতৰ ক্লাছলৈ লৈ যোৱাৰ সময়ত কোৱাৰ্টাৰত অকলে আছিল ক্ষেত্ৰী ৰাজ্যিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট মনোজ শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ গাণ্ডীৱ। কিন্তু কনিষ্ঠ পুত্ৰৰ সংগীতৰ ক্লাছ সমাপ্ত হোৱাৰ পিছতে কোৱাৰ্টাৰলৈ উভতি অহাৰ পিছতে প্ৰথমে মাতৃয়ে ৰছীৰে ওলমি থকা অৱস্থাত প্ৰত্যক্ষ

Leave a Reply

Your email address will not be published. Required fields are marked *