Share and Enjoy !

Shares

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। ৰাজ্যজুৰি গীতে-মাতে স্মৰণ কালৰত্ন ভূপেন হাজৰিকাক।বজালীৰ পাটাছাৰকুছিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

আজি সুধাকণ্ঠ, সংগীতসূৰ্য ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে বজালী জিলাৰ পাটাছাৰকুছিতো মহান শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰা হয়।

পাটাছাৰকুছি প্ৰাগজ্যোতিষ ক্লাৱৰ উদ্যোগত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী তথা জন্ম শতবাৰ্ষিকী পালন কৰা হয়।

ৰাতিপুৱাই আয়োজিত অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ বিশাল আবক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বজালী জিলাৰ আয়ুক্ত মধুমিতা ভাগৱতীয়ে।

ইয়াৰ পিছতে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বিশিষ্ট সাহিত্যিক পাটাছাৰকুছিৰ সন্তান ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে ভূপেন হাজৰিকাৰ স্মৃতি সোৱৰাই

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি, সংগীত আৰু সমাজৰ প্ৰতি তেওঁৰ অতুলনীয় অৱদান স্মৰণ কৰি আয়োজিত এই অনুষ্ঠানত বিভিন্নজন বিশিষ্ট ব্যক্তি, ক্লাৱৰ সদস্য তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

দিনযোৰা কাৰ্যসূচীৰে সংগীতসূৰ্যগৰাকীৰ জীৱন, কৰ্ম আৰু আদৰ্শক সশ্ৰদ্ধ স্মৰণ কৰা হয়।

অসমীয়া জাতিৰ হৃদয়ত চিৰদিন অম্লান হৈ থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীয়ে পাটাছাৰকুছিৰ আকাশ-বতাহো সংগীতময় কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *