Share and Enjoy !

Shares

বজালীৰ ৰাজপথত দাউ দাউকৈ জ্বলিল দুচকীয়া বাহন।

স্কুটী আৰোহীগৰাকী পাঠশালাৰ পৰা পাটাছাৰকুছিৰ অভিমুখে গৈ থকা সময়তে হৰিপুৰ অঞ্চলত হঠাৎ স্কুটীখন বন্ধ হৈ পৰে।

ইয়াৰ পিছতে স্কুটীখনত জুইৰ সূত্ৰপাত ঘটে।

মুহূৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই সমগ্ৰ স্কুটীখন আগুৰি ধৰে।

অত্যাধিক গৰমৰ ফলতেই স্কুটীখনত যান্ত্ৰিক বিজুতি ঘটাৰ পিছত জুইৰ সূত্ৰপাত হয়

জুইৰ তীব্ৰতাত স্কুটীখন সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপণ কৰে।

উল্লেখ্য যে জ্বলি যোৱা স্কুটীখন চৰকাৰৰ আঁচনিৰ অধীনত লাভ কৰা স্কুটী বুলি জানিব পৰা গৈছে।

ঘটনাটোক কেন্দ্ৰ কৰি হৰিপুৰ অঞ্চলত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *