Share and Enjoy !

Shares

জামুগুৰিহাটৰ দীপাটোলাত চাঞ্চল্যকৰ চুৰিকাণ্ড। দীপাটোলা ব্যৱসায় কেন্দ্ৰত থকা ওম হাৰ্ডৱেৰ নামৰ প্ৰতিষ্ঠানটোৰ গুদামৰ তলা ভাঙি নিশা চোৰে লুটি নিলে ৭০বেগৰো অধিক চিমেন্ট।

পুৱাৰ ভাগত হাৰ্ডৱেৰ দোকানৰ স্বতাধিকাৰ সন্তোষ শৰ্মাই দোকান খুলিবলৈ আহি চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে। ইয়াৰ পিছতে দোকানৰ স্বতাধিকাৰ গৰাকীয়ে ঘটনা সন্দৰ্ভত ওচৰ চুবুৰীয়াৰ লগতে জামুগুৰি আৰক্ষীক অৱগত কৰে।

স্বত্বাধিকাৰী সন্তোষ শৰ্ম্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ জামুগুৰিহাটৰ বিভিন্ন স্থানত এইদৰে নিতৌ চুৰিকাণ্ড সংঘটিত হৈ থকাত এতিয়া শংকিত আৰু চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।

Leave a Reply

Your email address will not be published. Required fields are marked *