Share and Enjoy !

Shares

“কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ হাতৰ এটা মুদ্ৰা,হে হৃদয়ৰ ভগা ডালত ওলমি থকা গোলাপী জামুৰ লগ্ন…” ! আজি কাব্যঋষি নীলমণি ফুকনৰ ৯৪ সংখ্যক জন্মদিন।

১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰৰ দিনটোতেই কবি, সাহিত্যিক, কলা-সমালোচক তথা অধ্যাপক নীলমণি ফুকনৰ জন্ম হৈছিল। আজিৰ এই পবিত্ৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জন্মস্থান দেৰগাঁৱতো কাব্যঋষিৰ জন্মদিন পালনৰ বাবে আয়োজন কৰা হৈছে।

নীলমণি ফুকনৰ পিতৃৰ নাম আছিল কীৰ্তিনাথ ফুকন আৰু মাতৃৰ নাম বৰদা ফুকন। ১৯৬০ চনত ইতিহাস বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠত শিক্ষক হিচাপে যোগদান কৰিছিল। তাৰ সমান্তৰালভাৱে তেওঁ চলাই গৈছিল কাব্যৰ চৰ্চা।

অসমীয়া সাহিত্যৰ স্বৰ্ণযুগ ৰামধেনুৰ দিনৰে পৰা তেওঁ আৰম্ভ কৰিছিল কবিতা লিখাৰ কাম। নীলমণি ফুকনৰ কবিতাত মুলতঃ প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰ দেখিবলৈ পোৱা গৈছিল। প্ৰকৃতিৰ ব্যঞ্জনাময় ৰূপ, নিঃসঙ্গতা আৰু গভীৰ জীৱনবোধ, সংক্ষিপ্ততা আৰু ভাবৰ ঘনত্ব, নিম্ন বৰ্গীয় জনতাৰ প্ৰতি গভীৰ সহানুভূতি আদি বৈশিষ্টৰ বাবে তেওঁৰ কবিতা পাঠকে আদৰি লৈছিল।

১৯৬৩ত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ সূৰ্য হেনো নামি আহে এই নদীয়েদি। পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা নিৰ্জনতাৰ শব্দ, কি নৈঃশব্দ, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গোলাপী জামুৰ লগ্ন, কবিতা, (সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত ), নৃত্যৰতা পৃথিৱী আদি কাব্যগ্ৰন্থ সমূহ জনপ্ৰিয় হৈ পৰিছিল।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *