আজিও সন্ধানহীন চামগুৰিৰ অতুল কাকতি।বিগত দুটা বছৰে সন্ধানহীন হৈ আছে নগাঁও জিলাৰ চামগুৰিৰ বৰঙাটলী-হেমাৰবড়ী গাঁৱৰ অতুল কাকতি নামৰ এজন ব্যক্তিগৰাকী।
আৰ্থিক দুৰৱস্থাৰ বাবে পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে ঘৰৰ পৰা বাহিৰত কাম কৰিবলৈ ওলাই গৈছিল অতুল কাকতি।তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে ব্যক্তিগৰাকী।
প্ৰাপ্ত তথ্য অনুসৰি, পৰিয়ালৰ ভৰণ-পোষণৰ বাবদ সংস্থান বিচাৰি অতুল কাকতি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তাৰ পিছৰে পৰা আজি পৰ্যন্ত তেওঁৰ কোনো যোগাযোগ বা শুংসূত্র লাভ কৰা নাই আত্মীয়ই। বিগত দুটা বছৰে পৰিয়ালৰ লোকে সম্ভাব্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰে যদিও কোনো ইতিবাচক তথ্য লাভ কৰাত ব্যৰ্থ হয়। স্বামীৰ এই আকস্মিক অন্তৰ্ধানত পত্নী, সন্তান আৰু আত্মীয়-স্বজন দিশহাৰা হৈ পৰিছে।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে স্থানীয় খাটোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত কৰি থকাৰ পিছতো বৰ্তমানলৈকে ব্যক্তিগৰাকীৰ কোনো চিন-মোকা পোৱা নাই। সুদীৰ্ঘ দুটা বছৰে হাহাকাৰ কৰি থকা পৰিয়ালটোৱে এতিয়া জনসাধাৰণৰ সহায় বিচাৰিছে। যদি কোনো ব্যক্তি বা সংগঠনে অতুল কাকতিৰ বিষয়ে কিবা তথ্য লাভ কৰে বা সম্ভেদ পায়, তেন্তে 9954215450 নম্বৰত পৰিয়ালৰ সৈতে সবিশেষ যোগাযোগ কৰিবলৈ আকুল আহ্বান জনোৱা হৈছে।