Share and Enjoy !

Shares

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ আৰু চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী অভিযান।

গৰুৰ অবৈধ সৰবৰাহ আৰু চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ।

অভিযানত জব্দ দুখনকৈ চোৰাং গৰু ভৰ্তি এখন কণ্টেইনাৰ বাহন আৰু এখন ট্ৰাক।

বাহন দুখনৰ পৰা জব্দ ৬০টাকৈ চোৰাং গৰু লগতে তিনিজন সৰবৰাহকাৰীক আটক।

জব্দকৃত বাহন দুখনৰ নম্বৰ NL 01 AE 1527 আৰু BR 03 GB 8221।

চামগুৰি আৰক্ষী থানাৰ সন্মুখত চলায় এই অভিযান।

উজনিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত জব্দ কৰে চোৰাং গৰু ভৰ্তি দুয়োখন বাহন।

আটকাধীন লোক কেইজন ক্ৰমে আব্দুল আজিজ আৰু মহিদুল ইছলাম বুলি জানিব পৰা গৈছে।

চামগুৰি আৰক্ষীয়ে আটকাধীন লোক কেইজনক জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *