অৱশেষত উদ্ধাৰ নিৰুদ্দেয ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত কচু গাঁৱৰ নিবাসী, খাটিখোৱা কৃষক জাপান দাস নামৰ লোকজনৰ মৃতদেহ।
দেওবাৰে চাৰিকড়ীয়া নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে মৃতদেহ। মৃতদেহ উদ্ধাৰ পিছতে সমগ্ৰ অঞ্চলজুৰিত শোকৰ ছাঁ পৰে।
প্ৰাপ্ত তথ্য অনুসৰি, অতি পৰিশ্ৰমী চহা ব্যক্তি জাপান দাসৰ বিগত দুটা দিন ধৰি কোনো সন্ধান পোৱা নাছিল। শনিবাৰে ঢকুৱাখনা নগৰৰ মাজেৰে প্ৰবাহিত চাৰিকড়ীয়া নদী পাৰ হৈ নদীৰ মাজৰ মহঘূলি চাপৰিত থকা নিজৰ পোহনীয়া পশুধনৰ পামঘৰলৈ যোৱাৰ পথতে সন্ধানহীন হৈ পৰে।
আনহাত, শনিবাৰে বিয়লি দাস নিখোজ হোৱাৰ তথ্য লাভ কৰাৰ পিছতেই স্থানীয় ৰাইজ আৰু এছ ডি আৰ এফ (SDRF) বাহিনীয়ে নদীখনত উদ্ধাৰ অভিযান চলায় যদিও বিয়লিলৈ অভিযান সামৰণি মাৰে। দেওবাৰে পুৱাৰ পৰা পুনৰ অভিযান তীব্ৰতৰ কৰি তোলা হয় আৰু দুপৰীয়া নদীৰ বুকুত কৃষকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ পিছতে মহঘূলি চাপৰি অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ঢকুৱাখনা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।