Share and Enjoy !

Shares

ধুবুৰী আৰক্ষীৰ জালত ভুৱা চিকিৎসক চোটকা ৰহমান। পশ্চিম বংগৰ কোচবিহাৰৰ পৰা আহি দীৰ্ঘদিন ধৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কাষত চিকিৎসক চলাই গৈছিল

ধুবুৰী স্বাস্থ্য বিভাগে আজি আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত অৱশেষত আটক ভুৱা চিকিৎসকজন। কেৱল ভুৱা চিকিৎসকেই নহয়, দীর্ঘদিনে ভুৱা অৰ্থাৎ বেনামী ফাৰ্মাচীত বহি ভুৱা চিকিৎসকজনে চলাই গৈছিল আয়ুৰ্বেদিক চিকিৎসা।

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কাষতে দীৰ্ঘদিনৰ অবৈধ ফাৰ্মাচী, ভুৱা চিকিৎসকে কিদৰে চলাই গৈছিল চিকিৎসা সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত। বেনামী ফাৰ্মাচীত বহি বিভিন্ন জনক মেনেজ কৰি এই কাৰ্য কৰি গৈছিল চিকিৎসক চোটকা ৰহমানে। বৰ্তমান ভুৱা চিকিৎসকজনক আটক কৰি জেৰা চলাই থকা হৈছে সদৰ আৰক্ষী থানাত।

Leave a Reply

Your email address will not be published. Required fields are marked *