মহানগৰীৰ জালুকবাৰীত অগ্নিকাণ্ডৰ ঘটনা।
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পথত সুন্দৰভৰিত সংঘটিত হয় এই অগ্নিকাণ্ড।
বিদ্যুতৰ পৰিবাহী তাৰত স্পাৰ্ক হৈ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড।
কথমপি ৰক্ষা পৰিল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান।
স্থানীয় লোকৰ তৎপৰতা ততাতৈয়াকৈ খবৰ দিয়ে অগ্নিনির্বাপক বাহিনীক।
ঘটনাস্থলীত অগ্নি নির্বাপক বাহিনীক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিব সক্ষম হয়।