পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ শেষকৃত্য সম্পন্ন৷ মঙলবাৰে ৰাজ্যিক মৰ্যাদাৰে বুঢ়াভকতৰ শেষকৃত্য সম্পন্ন কৰা হয় ।অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী বিমল বড়া উপস্থিত থাকে৷ বৈষ্ণৱগৰাকীৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰি মন্ত্ৰীগৰাকী আৱেগিক হৈ পৰে । বুঢ়াভকতৰ সৈতে হোৱা মন্ত্ৰীগৰাকীৰ সাক্ষাৎ আৰু বাৰ্তালাপে তেওঁক আৱেগিক কৰি তোলে ৷
সোমবাৰে বিয়লি ৪.২৫ বজাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত তেওঁৰ মৃত্যু ঘটে ৷
উল্লেখ্য যে, গোপীৰাম বুঢ়াভকত উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ তথা অসমৰ সত্ৰীয়া সংস্কৃতি জগতৰ এক ভোটাতৰা আছিল ।
শৈশৱৰে পৰাই বৈষ্ণৱ সংস্কৃতিৰ সৈতে তেওঁ জড়িত হৈ আহিছিল৷ উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ, পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকতে জীৱনৰ সুদীৰ্ঘ সময় সাধনা কৰি ৰাজ্যৰ লগতে দেশ-বিদেশতো সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ কৰিছিল ৷ এইগৰাকী বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ সাধকৰ লগতে নতুন প্ৰজন্মৰ বাবে এক অনন্য প্ৰেৰণাৰ উৎস আছিল ।
উল্লেখ্য যে, ১৯২৫ চনৰ ১ জানুৱাৰীত মাজুলীৰ নামকটানি গাঁৱত গোপীৰাম বৰগায়নৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম গেন্ধেলা বৰা বায়ন । পিতৃ গেন্ধেলা বৰা বায়নে ৫ বছৰ বয়সতে তেওঁক উদাসীন উত্তৰ কমলাবাৰী সত্ৰৰ বুঢ়াভকত থানুৰাম শৰ্মাক চমজাই দিছিল । তেওঁ তেতিয়াৰে পৰা সত্ৰত ব্ৰহ্মচাৰী ব্ৰত পালন কৰি সত্ৰীয়া নৃত্য, গীত, বাদ্যৰ আদি পাঠ শিকি পিছত অতি কম দিনৰ ভিতৰত আয়ত্ত কৰিছিল ।
এইগৰাকী বৈষ্ণৱৰ বিয়োগত উত্তৰ কমলাবাৰী সত্ৰৰ লগতে সমগ্র মাজুলীতে শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে ।