গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল অঘটন।
GMCHৰ MITU ৰোগী থকা কক্ষত এটা মনিটৰ বিস্ফোৰণ। মণিটৰ বিস্ফোৰণৰ পিছতে সূত্ৰপাত হয় জুইৰ।
প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্ৰায় ১১ বাজি ৫০ মিনিটত GMCHৰ তৃতীয় মহলাৰ MITUত এই ঘটনা সংঘটিত হয়।
ঘটনাৰ পাছতে ততালিকে কক্ষটোত থকা ৰোগীসকলক নিৰাপদভাৱে অন্য কক্ষলৈ স্থানান্তৰ কৰা হয়।
GMCHৰ নিজাববীয়া অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ইফালে, এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি স্পষ্ট কৰিছে GMCHৰ অধীক্ষকে।
ঘটনাটোৰ কাৰণ সন্দৰ্ভত অধিক তথ্য এতিয়াও জানিব পৰা হোৱা নাই। কিয় আৰু কি পৰিস্থিতিত মণিটৰটোৰ বিস্ফোৰণ হৈছিল সেয়াও এতিয়া ৰহস্যৰ মাজত। বিভাগৰ কৰ্তৃপক্ষৰ তদন্তৰ পিছতে পোহৰলৈ আহিব সকলো প্ৰকৃত তথ্য।