Share and Enjoy !

Shares

অসমৰ ধুবুৰী জিলাৰ চাপৰত আদানী পাৱাৰ লিমিটেডৰ ৩,২০০ মেগাৱাট ক্ষমতাসম্পন্ন ‘আল্ট্ৰা ছুপাৰক্ৰিটিকেল তাপ বিদ্যুৎ প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

প্ৰায় ৪৮,০০০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটো অসমৰ শক্তি খণ্ডত এক বৃহৎ বিনিয়োগ হিচাপে উল্লেখ কৰা হৈছে। প্ৰকল্পটোৰ নিৰ্মাণ পৰ্যায়ত প্ৰায় ২০,০০০ লোকৰ সংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ লগতে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ পাছত প্ৰায় ৫,০০০ স্থায়ী কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া, উদ্যোগপতি, স্থানীয় ৰাইজৰ প্ৰতিনিধিৰ লগতে আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানী উপস্থিত থাকে।

চাপৰৰ এই প্ৰকল্পটো অসমৰ শক্তি খণ্ডৰ বাবে ঘোষিত মুঠ ৬৩,০০০ কোটি টকাৰ বিনিয়োগৰ অংশ। পৰিকল্পনা অনুসৰি, ২০৩০ চনৰ ডিচেম্বৰৰ পৰা প্ৰকল্পটো পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰকল্পটোৱে কেৱল বিদ্যুৎ উৎপাদনেই নহয়, স্থানীয় ঠিকাদাৰ, যোগানকাৰী, পৰিবহণ ব্যৱসায়ী আৰু বিভিন্ন সেৱা প্ৰদানকাৰীৰ বাবেও নতুন ব্যৱসায়িক সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত স্থানীয় উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে বৃহৎ বাণিজ্যিক নেটৱৰ্কৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰিব পাৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, অসম অতি ক্ষিপ্ৰতাৰে উত্তৰ-পূবৰ শক্তি খণ্ডৰ প্ৰধান কেন্দ্ৰবিন্দু হিচাপে গঢ়ি উঠিছে আৰু কেইবাটাও বৃহৎ শক্তি প্ৰকল্পৰ কাম প্ৰক্ৰিয়াধীন হৈ আছে। তেওঁ উল্লেখ কৰে যে ৩,২০০ মেগাৱাটৰ চাপৰ বিদ্যুৎ প্ৰকল্পটো প্ৰকৃততে ‘এডভাণ্টেজ আছাম ইনভেষ্টৰ ছামিট ২.০’ৰ সফলতাক প্ৰতিফলিত কৰা এক গৌৰৱময় অধ্যায়। প্ৰায় ৪৮,০০০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটো অসমৰ ইতিহাসত এতিয়ালৈকে হোৱা অন্যতম বৃহৎ একক বিনিয়োগ। ইয়াৰ দ্বাৰা কেৱল যে ব্যাপক কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব তেনে নহয়, বৰঞ্চ ৰাজ্যখনৰ অৰ্থনৈতিক সক্ৰিয়তা আৰু SGST ৰাজহ সংগ্ৰহো বৃদ্ধি পাব। একে সময়তে থলুৱা উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলেও আদানী গ্ৰুপৰ এই ক্ৰমবৰ্ধমান বাণিজ্যিক নেটৱৰ্কৰ সৈতে জড়িত হৈ আগবাঢ়ি যোৱাৰ সোণালী সুযোগ লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *