তামাৰহাটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
তামাৰহাটৰ ১০৮ বছৰীয়া ঐতিহ্যমণ্ডিত নৱনিৰ্মিত সাৰ্বজনীন দুৰ্গা মন্দিৰৰ শুভ উদ্বোধন।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নৱনিৰ্মিত সাৰ্বজনীন দুৰ্গা মন্দিৰ।
এইবাৰ তামাৰহাটত অনুষ্ঠিত হ’ব ১০৮ সংখ্যক দুৰ্গাপূজা।
দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্তত নৱনিৰ্মিত স্থায়ী মন্দিৰৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
উদ্বোধনী অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,মন্ত্ৰী অশোক শিংহল,মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ উপস্থিত থাকে।
তামাৰহাটৰ এইখন মন্দিৰ বহুত বেছি ভাল। অসমৰ ভিতৰত দ্বিতীয়,তৃতীয় নম্বৰত হ’ব।
গঙ্গাধৰ নৈৰ ওপৰত তামাৰহাট-কঠালতলী সংযোগী দলং নিৰ্মান,চিকিৎসালয়ৰ উন্নতিকৰণ আৰু ব্যৱসায়ী কমপ্লেক্স নিৰ্মানৰ ওপৰত বিবেচনা কৰিব।