পুনৰ গৰজি উঠিল অসম আৰক্ষী। এইবাৰ আৰক্ষীৰ গুলীত ঢলি পৰিল হত্যাৰ অভিযুক্ত।
নাজিৰা সমজিলাৰ বিহুবৰ ৰঙাজান বেংগলী বস্তিত সংঘটিত হত্যাকাণ্ডৰ অভিযুক্ত বিকি সিঙক আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে বিকি সিঙলৈ লক্ষ্য কৰি আৰক্ষীৰ।গুলীচালনা
প্ৰাপ্ত তথ্য অনুসৰি, নাগালেণ্ডৰ পৰা হত্যাকাণ্ডৰ অভিযুক্ত বিকি সিঙক অসমলৈ অনাৰ সময়তে এই ঘটনা সংঘটিত হয়। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ গুলীত বিকি সিং আহত হয়।
আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, বিকি সিঙৰ আক্ৰমণত মৃত্যু হৈছিল বিমান বৰুৱাৰ । অভিযোগ অনুসৰি, বিকি সিঙে চোকা অস্ত্ৰৰে বিমান বৰুৱাক আক্ৰমণ কৰিছিল।
শুকুৰবাৰে নাজিৰা সমজিলাৰ বিহুবৰ ৰঙাজান বেংগলী বস্তি অঞ্চলত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড। হত্যাকাণ্ডৰ পিছতে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ বিকি সিং ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।
পৰৱৰ্তী সময়ত নাগালেণ্ডৰ পৰা বিকি সিঙৰ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। নাগালেণ্ডৰ পৰা অসমলৈ অনাৰ সময়তে পুনৰ পলায়নৰ চেষ্টা কৰিছিল বিকি সিঙে। সেই সময়তে বিকি সিঙলৈ বুলি লক্ষ্য কৰি গুলী চলাই আৰক্ষীয়ে।