অসমীয়া জাতিৰ আৱেগ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এটা বছৰ সম্পূৰ্ণ হোৱাত আজি জাঁজীৰ ৰবিগাওঁ যুৱ সমাজৰ উদ্যোগত আৰু ৰবিগাওঁবাসী ৰাইজৰ সমূহীয়া সহযোগত দিনজোৰা কাৰ্যসূচীৰে ‘জুবিন দিৱস’ আয়োজন কৰা হয়। ৰবিগাওঁ এম. ই. স্কুল প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত সমগ্ৰ অঞ্চলটোৰ শতাধিক ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰে।
শিল্পীগৰাকীৰ প্ৰকৃতি প্ৰীতি আৰু সেউজ চিন্তাক সুঁৱৰি পুৱা ৭ বজাৰ পৰা গাঁৱৰ যুৱকসকলে খাৰঘৰীয়া তিনিআলিৰ পৰা মূল পথছোৱাত প্ৰায় ৬০ জোপা নাহৰ পুলি ৰোপণ কৰে। বিয়লি আনুষ্ঠানিকভাৱে ৰবিগাঁৱৰ দুয়োভাগ নামঘৰ আৰু বিদ্যালয়ৰ প্ৰাংগণত এই নাহৰ পুলি ৰোপণ কাৰ্যসূচী সমাপ্ত কৰাৰ পিছতেই আমন্ত্ৰিত পদ্মনাভি শিল্পী সমাজে দিহানাম পৰিৱেশন কৰে।
সন্ধিয়াৰ লগে লগে উপস্থিত সকলোৱে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এক আৱেগিক পৰিৱেশত জুবিন গাৰ্গৰ অমৰ সৃষ্টি ‘মায়াবিনী’ গীতটি সমূহীয়াভাৱে পৰিৱেশন কৰে। ইয়াৰ পিছতে সন্ধিয়াৰ ভাগত ৰবিগাঁৱৰ দুয়োভাগ নামঘৰত বিশেষ ভাগৱত পাঠৰ আয়োজন কৰা হয়।
অনুষ্ঠানৰ শেষত নিশা ৮ বজাৰ পৰা আমন্ত্ৰিত শিল্পীসকল আৰু স্থানীয় শিশু সকলে জুবিন গাৰ্গৰ কালজয়ী গীতসমূহত নৃত্য আৰু গীত পৰিৱেশন কৰে।
অনুষ্ঠানটি সফলতাৰে ৰূপায়ণ কৰাৰ বাবে যুৱ সমাজে ৰবিগাওঁবাসী ৰাইজ আৰু উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।