Share and Enjoy !

Shares

আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ তিথি।।অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তিসত্তা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ব্যাপক আয়োজন কৰা হৈছে।

গুৰুবন্দনা নাম-প্ৰসংগৰ অমিয়া ধ্বনি প্ৰতিধ্বনিত গুঞ্জৰিত হৈ পৰিব ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ। হাজাৰ হাজাৰ ভক্ত-বৈষ্ণৱ আৰু দৰ্শনাৰ্থীৰ সমাগমত যেন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত বটদ্ৰৱা, বৰপেটা, মাজুলীৰ সত্ৰসমূহ। লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত দেওবাৰৰ পৰা আৰম্ভ হৈছে গুৰুজনাৰ ৫৭৮ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহাপুৰুষ শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱ।

কাৰ্যসূচী অনুসৰি পুৱাৰে পৰা নিত্য নৈমিত্তিক প্ৰসংগৰ লগতে পুৱা উষা কীৰ্তন আৰু পুৱা ৯-০০ বজাত বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে। দিনৰ ২-০০ বজাত গুৰু চৰিত্ৰ পাঠ অনুষ্ঠিত হ’ব। পাঠাচার্য হিচাপে শুভাৰম্ভ কৰিব ডম্বৰুধৰ বৰনামলগোৱাই।বিয়লি ৩-০০ বজাত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত শ্রীশ্রী মাধৱদেৱ কলাক্ষেত্র, নাৰায়ণপুৰৰ শিল্পী বৃন্দই গুৰু অংকীয়া ভাওনা “ৰুক্মিণী হৰণ” পৰিৱেশন কৰিব।

সন্ধিয়া ৬-০০ বজাত বটদ্ৰৱা থান প্ৰাংগণত ৫৭৮ গছি বন্তি প্রজ্জ্বলন কৰা হব। নিশা ৮-৩০ বজাত শলগুৰি সত্ৰৰ ৰাইজে “লক্ষ্মনৰ শক্তিশেল” শীৰ্ষক ভাওনা পৰিবেশন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *