Share and Enjoy !

Shares

আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ তিথি।।অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তিসত্তা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ব্যাপক আয়োজন কৰা হৈছে।

গুৰুবন্দনা নাম-প্ৰসংগৰ অমিয়া ধ্বনি প্ৰতিধ্বনিত গুঞ্জৰিত হৈ পৰিব ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ। হাজাৰ হাজাৰ ভক্ত-বৈষ্ণৱ আৰু দৰ্শনাৰ্থীৰ সমাগমত যেন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে বটদ্ৰৱা, বৰপেটা, মাজুলীৰ সত্ৰসমূহ। লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত দেওবাৰৰ পৰা আৰম্ভ হৈছে গুৰুজনাৰ ৫৭৮ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহাপুৰুষ শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱ।

Leave a Reply

Your email address will not be published. Required fields are marked *