দেশৰ ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা। খহি পৰিল অট্টালিকা ৷ বুধবাৰে দিল্লীৰ নতুন সীমাপুৰীৰ ইদগাহ মাছ বজাৰৰ সমীপত থকা এটা পাঁচ মহলীয়া অট্টালিকা ভাঙি পৰে।ফলত অঞ্চলটোত সৃষ্টি হয় আতংকৰ পৰিৱেশ। ।
বুধবাৰে বিয়লি প্ৰায় ৩:১৫ বজাত অট্টালিকাটো ভাঙি পৰাৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীয়ে খবৰ লাভ কৰে । ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
খবৰ অনুসৰি একাংশ লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে।। ততাতৈয়াকৈ আহতসকলক ৰাজীৱ গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে । ইয়াৰে এটি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি, প্ৰথমে তিনিখন পানীৰ টেংক আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল । এছ টি অ’ মনোজ ত্যাগীয়ে এজন জ্যেষ্ঠ বিষয়াৰ সহায় বিচাৰে । মুখ্য অগ্নিনিৰ্বাপক বিষয়া এ. মালিকে এই সন্দৰ্ভত তথ্য প্ৰদান কৰে । বৰ্তমান উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে ।
এই অট্টালিকাটো যোৱা বছৰহে নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে । পাঁচ মহলীয়া অট্টালিকাটোৰ তলৰ মহলাত দোকান আছিল আৰু ওপৰৰ চাৰিটা মহলাত প্ৰতিটোতে বিভিন্ন পৰিয়াল আছিল । অট্টালিকাৰ মালিক আৰু তেওঁৰ পৰিয়ালটোও অট্টালিকাটোত বাস কৰিছিল আৰু তেওঁলোক ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজে দুটা শিশুক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় ।