মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু বিজেপিৰ বিৰুদ্ধে বঙাইগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ
বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা বঙাইগাঁও চহৰলৈ কংগ্ৰেছে উলিয়ালে প্ৰতিবাদী ৰেলী।
‘ভোট বচাও, দেশ বচাও’, ‘মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে পদত্যাগ কৰক’, ‘নৰেন্দ্ৰ মোদী হায় হায়’ আদি শ্লোগানেৰে উত্তাল হৈ পৰে বঙাইগাঁও চহৰ।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম, কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি প্ৰদীপ সৰকাৰ, বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি গিৰিশ বৰুৱাৰ লগতে জিলা কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়া আৰু দলীয় কৰ্মীসকল উপস্থিত থাকে।