আজি ভাৰতীয় বায়ুসেনা দিৱস। প্ৰতিবছৰে ৮ অক্টোবৰত বায়ুসেনা বাহিনীৰ বৰ্ষপূৰ্তি উপলক্ষে আৰু বায়ুযোদ্ধাসকলে কৰা ত্যাগক স্মৰণ কৰি বায়ুসেনা দিৱস উদযাপন কৰা হয় ।
৯৩ সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ হৈ বায়ুসেনাৰ জোৱানসকলক জনালে সম্ভাষণ
সামাজিক মাধ্যমযোগে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, এই বাহিনীটোৱে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নিজৰ শক্তি আৰু প্ৰস্তুতিৰে দেশক গৌৰৱান্বিত কৰিছে । এটা X পোষ্টত তেওঁ লগতে কয় যে দেশৰ বিমানযোদ্ধাসকলে “দুৰ্যোগ আৰু মানৱীয় অভিযানৰ সময়ত অক্লান্ত নিষ্ঠাৰে আমাৰ আকাশক সুৰক্ষা দিয়ে আৰু দেশৰ সেৱা কৰে” ।
“বায়ুসেনা দিৱসত সকলো বায়ুযোদ্ধা, প্ৰবীণ বায়ুসেনা আৰু তেওঁলোকৰ পৰিয়াললৈ উষ্ম শুভেচ্ছা ! ভাৰতীয় বায়ুসেনাই সদায় সাহস, দায়বদ্ধতা আৰু উৎকৃষ্টতা প্ৰদৰ্শন কৰি আহিছে । আমাৰ বায়ুযোদ্ধাসকলে আমাৰ আকাশক সুৰক্ষা দিয়ে আৰু দুৰ্যোগ আৰু মানৱীয় অভিযানৰ সময়ত অক্লান্ত নিষ্ঠাৰে দেশৰ সেৱা কৰে ।” তেওঁ কয় ।
ৰাষ্ট্ৰপতিয়ে লগতে কয়, “আমাৰ বায়ুসেনাই প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নিজৰ শক্তি আৰু প্ৰস্তুতিৰে দেশক গৌৰৱান্বিত কৰিছে । ভৱিষ্যতৰ সকলো প্ৰচেষ্টাত সফলতা লাভৰ বাবে ভাৰতীয় বায়ুসেনালৈ মোৰ শুভেচ্ছা জনাইছো ।”
, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বায়ুসেনাৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সময়ত ভাৰতীয় আকাশ ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বায়ুসেনা দিৱসত সকলো সাহসী বায়ুযোদ্ধা আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনাইছোঁ । ভাৰতীয় বায়ুসেনাই সাহস, অনুশাসন আৰু নিখুঁত অভিযানৰ সাৰ্থকতা প্ৰদৰ্শন কৰিছে । তেওঁলোকে অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিকে ধৰি আমাৰ আকাশখন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেওঁলোকৰ ভূমিকাও অতি প্ৰশংসনীয় । তেওঁলোকৰ দায়বদ্ধতা, পেছাদাৰিত্ব আৰু অদম্য মনোভাবে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰে ।”