কোকৰাঝাৰ জিলাত আৰক্ষীৰ অভিযান।দেশবিৰোধী কাৰ্যকলাপৰ পৰিকল্পনা কৰা দুষ্টচক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
এক বিবৃতিযোগে অসম আৰক্ষীয়ে।সদৰী কৰে যে, ২৩ অক্টোবৰৰ পুৱা প্ৰায় ৯-১৫ বজাত জিলাখনৰ গোসাইগাঁও থানাস্থিত মটিজাৰা প্ৰথম খণ্ডৰ জংঘলত এই অভিযান চলোৱা হৈছিল। বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে উক্ত স্থানত অভিযান আৰম্ভ কৰিছিল।
অভিযানৰ সময়ত ঘন জংঘলৰ মাজৰ এটা স্থানৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে – মেগজিনসহ ৭.৬৫ এম এম ব্ৰেণ্ডৰ এটা পিষ্টল, ৭.৬৫ এম এম কেলিবাৰৰ সজীৱ গুলী, প্ৰায় ৬.৪ কেজি ওজনৰ এটা আই ই ডি, ১০ টা ইলেক্ট্ৰনিক ডেট’নেটৰ, ৬ যোৰ পোছাক, সমসংখ্যক টুপী আৰু এযোৰ বুট জোতা। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।